Sunday, May 7, 2023

জীৱনৰ অভিজ্ঞতা

কষ্ট কৰিলে অসম্ভবকো সম্ভব কৰিব পাৰি


জি কাহিনীতো মোৰ  এজন ওচৰ চুবুৰীয়া ভাইতীৰ ওপৰত। মোৰ এজন ভাইতীআছিল নাম তাৰ বিজিত চাহু । তেজৰ সম্বন্ধ নাছিল জদিও সম্বন্ধত সি মোৰ ভাইতীৰ নিচিনা। সি সৰুৰে পৰা বৰ সহজ সৰল স্বভাবৰ আছিল। সি মাক আৰু বাপেকৰ একমাত্র সন্তান আছিল। তাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বিশেষ ভাল নাছিল। বাপেকে দৰ্জি কাম কৰি কোনোমতে তাৰ পঢ়া শুনা আৰু ঘৰখন পৰিচালনা কৰিছিল। বছৰৰ পাছত বছৰ দিন পাৰ হৈ যোৱাৰ পাছত সি এদিন উচ্চতৰ মাধ্যমিকত ৬০ শতাংশ নম্বৰ লৈ প্ৰথম বিভাগত উতীৰ্ণ হল। যিহেতু তাৰ আৰ্থিক অৱস্থা ভাল নাছিল সেই পঢ়া শুনা ইমানতে সামৰিব লগা হল। পঢ়া শুনা শেষ কৰি সি চহৰত এটা ভাড়া ঘৰ লৈ পাচলি ব্যৱসায় আৰম্ভ কৰিলে। এনেকৈ কিছু দিন দুখে কষ্টই পাৰ হোৱাৰ পিছত ব্যৱসায় বাণিজ্য ভাল হবলৈ ধৰিলে আৰু পূর্বতকৈ কিছু সকাহ পালে। কিন্তু ইমানতো তাৰ বিপদ শেষ নহল কাৰন সি যত ব্যৱসায় কৰিছিল সেই ঘৰতো  তাৰ নিজা নাছিল ,সেইবাবে হথাৎ তাক এদিন ঘৰৰ মালিকে ঘৰটো খালি কৰি দিবলৈ অনুমতি দিলে কিন্তু কাৰন কি বুলি মালিকক সোধাত মালিকে নিজে  ব্যৱসায় আৰম্ভ কৰিব বুলি কলে। সি উপায় নাপায় ঘৰটো খালি কৰি দিলে। ইয়াৰ পিছত সি একো উপায় নাপায় চহৰৰ দোকান এখনত sales man হিচাবে সোমালে।মাহৰ মূৰত কাম কৰি সি 6000 টকা দৰমহা পায় আৰু সেয় পইচাই সি জোৰা মাৰিব নোৱাৰে তাক ঘৰখন পৰিচালনা কৰিবৰ বাবে এটা ভাল চাকৰি খুব প্ৰয়োজন আছিল কিন্তু আজিকালি নো হঠাৎ চাকৰি পায়নো কত। এবাৰ স্বাস্থ্য বিভাগত কিছু পদ মুকলি হৈছিল আৰু আমি দুয়ো তেতিয়া Interview maribo goisilu। ইয়াৰ পিছত Interview মাৰি আহি যেতিয়া পিছদিনা  কামলৈ  গল তেতিয়া তাক মালিকে বহুত থাট্টা মাৰিলে আৰু কলে  যদি আজিৰে পৰা চাকৰিৰ পিছত ঘূৰি থাক তেতিয়াহলে কামলৈ নাহিবি চাকৰিকে কৰিবি। কিন্তু ইয়াৰ পিছত আকৌ অসম পুলিশত পদ উলালে এই বাৰো সি মালিকৰ কথা নামানি Interview দিবলৈ গল। Interview pass কৰিব নোৱাৰিলে। এইবাৰ সি কি কৰিব তাক যিহেতু মালিকে এইবাৰ কামত নাৰাখে। সেয়েহে এইবাৰ সি প্ৰতিগ্যা কৰিল মই যিমান কষ্ট কৰি হলেও Defance ত চাকৰি লৈহে এৰিম।  সেইবাবে সি ঘৰত ২ বছৰ যেনে তেনে কষ্ট কৰি মাক বাপেকক পাৰ  কৰিবলৈ কলে। সেইদিন ধৰি দিনে ৰাতিয়ে অশেষ কষ্ট কৰি দৌৰ আৰাম্ভ কৰি দিলে। এনেকৈ কিছু দিন পাৰ হৈ যোৱাৰ পাছত B. S. F. বীভাগত পদ উলালে আৰু ইন্টাৰভিউ দিলে। অৱশেষত তাৰ কষ্টৰ অন্ত পৰিল সি B. S. F. বিভাগত চিলেকচন হল আৰু সি তাৰ কষ্ট কৰাৰ মিঠা ফল ভোগ কৰিলে। 


নীতী শিক্ষা:  মানুহৰ জীৱনত ভাল দিন আৰু বেয়া দিন আহিবই কিন্তু কেতিয়াও শতাশ হব নালাগে মাত্র ধয্য ধৰি উদেশ্যে আগত ৰাশি কষ্ট কৰি গলে ভাল ফল নিশ্চয় পোৱা যায়। 

No comments:

Post a Comment

সচা ভালপোৱা কাহিনী

  ৰুমি আৰু ৰাজুৰ সচা ভালপোৱা কাহিনী  ৰাজু আৰু ৰুমি কলেজ লাইফৰ পৰাই সিহত দুয়োয়ে ইজনে সিজনক বহুত ভাল পায়, ইজনে সিজনৰ পৰা আতৰি এক মূহুর্তও প...