ৰুমি আৰু ৰাজুৰ সচা ভালপোৱা কাহিনী
ৰাজু আৰু ৰুমি কলেজ লাইফৰ পৰাই সিহত দুয়োয়ে ইজনে সিজনক বহুত ভাল পায়, ইজনে সিজনৰ পৰা আতৰি এক মূহুর্তও পাৰ কৰিব পৰা নাছিল। সিহঁতৰ সম্বন্ধতো এদিন দুদিনকে ৭ টা বছৰ পাৰ হল। লাহে লাহে সিহঁতৰ বিয়া হোৱাৰ উপযুক্ত সময় হৈ আহিল কিন্তু ৰাজুৱে এতিয়াও কোনো উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে মাজে সময়ে ৰুমিয়ে এই কথাটোক লৈ চিন্তিত হৈ উঠে আৰু আনফালে ৰাজুৱে একো চিন্তা নকৰাকৈ দিনটোৰ বেচিভাগ সময় তাইৰ লগত কথা পাতি নষ্ট কৰে। ৰুমিয়ে ৰাজুক নিজতকৈয়ো বহুত বেছি ভাল পায় সেয়ে তাই তাক জীবনত কেতিয়াও হেৰুৱাব বিচৰা নাছিল। কিন্তু ৰাজুৱে একো উপাৰ্জন নকৰাকৈ সংসাৰ চলাব কেনেকৈ? সেয়ে তাই চিন্তা কৰিলে যে যিহেতু সি দিনটোৰ বেচিভাগ সময় তাইৰ লগত কথা পাতি পাৰ কৰে সেয়ে গতিকে সি একো কৰাৰ কথা চিন্তা কৰা নাই গতিকে মই যদি তাৰ পৰা আতৰি থাকো তেতিয়াহলে সি নিশ্চয় কিবা কৰাৰ কথা ভাবিব। তাৰ পিছত ৰুমিয়ে তাক কিবা কথা আছে বুলি কৈ লগ কৰিবলৈ কলে। ৰাজুৱে ৰুমিক লগ কৰিলে আৰু কি কথা আছে বুলি সোধাত, ৰুমিয়ে ৰাজুৰমুখখনলৈ চাই কবলৈ আৰম্ভ কৰিলে । ৰাজু তুমি আজি ৩০ বছৰ বেকাৰকে পাৰ কৰিলা আৰু এতিয়াও তুমি একো এটা কৰাৰ কথা চিন্তা কৰা নাই গতিকে মোক বিয়া কৰাই ৰাখিবা কেনেকৈ, এনেকে হলে মই তোমাৰ লগত বিয়া হব নোৱাৰিম, মোক তুমি আজিৰে পৰা পাহৰি যাবা, মোলৈ আৰু ভোলটো ফোন নকৰিবা বাই। এই বুলি কৈ ৰুমিয়ে তাৰ ওচৰৰ পৰা আতৰি গল। ৰুমিয়ে তাক তেনেকৈ কলে যদিও নিজৰ মনতোক তাৰ পৰা আতৰাই ৰাখিব পৰা নাছিল কিন্তু কি কৰিব একো উপায়ে নাছিল এনেকোৱা নকৰিলে সি গোটেই জীৱনটো এনেকৈ থাকি যাব সেই গতিকেই তাই ধয্য ধৰি হলেও আতৰি থাকিল। আনফালে ৰাজুৱে, ৰুমিয়ে কোৱা কথাবোৰ প্ৰথমে ধেমালি বুলি ভাবি আছিল কিন্তু বহুত দিন একো কথা বতৰা নোহোৱাত তাৰ মনত হন্দেহ হল, সি ভাৱিলে ৰুমিয়ে মনে মনে বেলেগক ভাল পোৱা নাইতো। সেয়ে সি মনে মনে ৰুমিয়ে গম নোপোৱাকৈ তাইক ফলৌ কৰাৰ আৰম্ভ কৰিলে। এদিন সি চহৰত বজাৰ কৰাৰ উদ্দেশ্যেৰে উলাই আহোতে হঠাৎ ৰুমিক কফি দোকানত দেখিলে আৰু তাইৰ লগত কোনোব লৰা এটাও দেখিলে। লৰাটো আছিল ৰুমিৰ বাল্যকালৰ এজন ভাল বন্ধু ,তাৰ নাম অনিল।বিদেশত চাকৰি কৰাৰ বাবে সি ঘৰলৈ বহুত বছৰৰ মূৰত আহে , দুই এদিন থাকি গুচি যায়। সেই গতিকেই অনিলৰ লগত ৰাজুৰ চিনা পৰিচয় নাছিল। ৰাজুৱে, ৰুমিক এনেকৈ অনিলৰ লগত বহি থকা দেখা পায় খঙত থাকিব নোৱাৰিলে আৰু লগালগ ৰুমিৰ ওচৰত উপস্থিত হল। ৰাজুৱে, ৰুমিৰ মুখলৈ চাই খঙেৰে কলে, এয়াই আছিল নিকি তোমাৰ ভালপোৱা, তুমি মোৰ লগত এনেকোৱা বিশ্বাসঘাতকতা কৰিব পাৰিবা বুলি মই কেতিয়াও ভৱা নাছিলো, এনেতে অনিলে কি হল বুলি সোধাত সি তাৰ ফালে চাই কলে তমি মুখেৰে মাত নামাতিবা মনে মনে থাকা। এইবুলি কৈ সিহতৰ ওচৰৰ পৰা সি আতৰি গল। অনিলে ৰুমিলৈ চাই প্ৰশ্ন কৰিলে এইবোৰ কি হৈছে ৰুমি, কোন হয় সি আৰু কিয় এনেকৈ কৈছে। তেতিয়া ৰুমিয়ে অনিলক সকলো কথা বিৱৰি কলে। ৰুমিৰ কথা শুনি অনিলে ৰাজুক সকলো কথা কব বিচাৰিছিল কিন্তু ৰুমিয়ে একো নকবলৈ অনুৰোধ কৰিলে আৰু কলে সি মোক তোমাৰ লগত এনেদৰে দেখি জ্বলিছে ভালেই হৈছে সি এতিয়াহে যদি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ শিকে। এনেকৈ কিছু দিন পাৰ হল ৰাজুৱেও মনত জেদ কৰি লাহে লাহে ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হল। এদিন ৰাজুৱে বান্ধবী এজনীৰ লগত ৰাষ্টাত খোজ কাঢ়ি গৈ থাকোতে আতৰৰ পৰা ৰুমিক দেখা পায় সি বান্ধবীজনীক তাৰ লগত ভালপোৱাৰ অভিনয় কৰিবলৈ কলে।এনেতে দুয়ো হাততধৰাধৰিকৈ আহি ৰুমিৰ কাষ পালেহি। ৰাজুৱে ৰুমিক বাতত ৰখাই কলে, মোৰ ভোল হৈছিল তোমাৰ দৰে বদমাচ ছোৱালী এজনিক ভাল পায়। ৰুমিয়ে ৰাজুক সকলো কব বিচাৰিছিল যদিও কব নোৱাৰিলে কাৰন তাই ভাৱিলে এতিয়া জদি তাক এইবোৰ কথা কও তেতিয়াহলে সি ভাভিৱ যে তাৰ উন্নতি দেখিহে ভাল পাব বিচাৰিছে। সেই গতিকে মনে মনে থাকি একো নোকোৱাকৈ কান্দি কান্দি আহি ঘৰ পালেহি। কি কৰিব কি নকৰিব একো উপায় নাপায় অনিললৈ ফোন লগালে আৰু সকলো কথা কলে। ৰুমিৰ দুষ দেখি অনিলে ৰাজুক সকলো কথা কব বিচাৰিছিল কিন্তু ৰুমিয়ে মানা কৰিলে আৰু কলে মই তাক বহুত ভাল পাও সেইসবাবেই মই তাক নিজৰ ভৰিত থিয় হোৱাতো বিচাৰিছিলো,মোৰ সপোন আজি পোৰা হল সি জীৱনত আৰু আগুৱাই যক মই সদায় ভগৱানৰ ওচৰত পাৰ্থনা কৰিম এইবুলি কৈ তাই উচুপি উঠিল আৰু ফোনটো কাতি দিলে। বহুত দিন পাৰ হৈ গল এনেতে এদিন ৰাজুৱে অনিলক বেলেগ এজনী ছোৱালীৰ লগত দেখা পালে, ছোৱালী জনি আছিল অনিলৰ পত্নী। ৰাজুৱে দেৰি নকৰি অনিলৰ কাষ চাপিল আৰু সুধিলে এও কোন হয় তোমাৰ। তেতিয়া অনিলে কলে মোৰ পত্নী। তেতিয়াহলে ৰুমিৰ লগত তোমাৰ সম্পৰ্ক কি? তুমি ইমান দিনে ভুল বুজি আছিলা বন্ধু তাই আজিও তোমাকে ভাল পায় মাত্ৰ তুমি যাতে জীৱনত নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰা সেইবাবে তোমাক দেখুওৱাই নাটক কৰি আছিল। অনিলৰ কথা শুনি ৰাজুৰ দোচকুৱেদি চকোলো বাগৰি আহিল। সি দেৰি নকৰি তৎখনাত গৈ ৰুমিৰ ওচৰ পালে গৈ। সি ৰুমিৰ কাষ পায় তাইৰ ওচৰত আঠু কাঢ়ি কলে, মই তোক বহুত ভাল পাও, মই তোক এৰি থাকিব নোৱাৰে, তই মোৰ ভালৰ কাৰনে ইমান দোষ কষ্ট কৰি আছিলি মই একো গমেই পোৱা নাছিলো আৰ মই তোক খঙতে বহুত গালি পাৰিলো, মনত বহুত কষ্ট দিলো তই মোক খমা কৰি দিবি, মোক আৰু কেতিয়াও এৰি থৈ নাযাবি। তেতিয়া ৰুমিয়ে তাক সাৱত মাৰি ধৰি কলে নাজাও আৰু কেতিয়াও নেজাও সদায় তোৰ কাষতে থাকিম সদায় তোৰ হৈ থাকিম। অৱশেষত দুয়ো বিবাহ পাশত আৱদ্ধ হল আৰু আনন্দৰে ভৰপূৰ এটা জীৱন কতাবলৈ ধৰিলে।
No comments:
Post a Comment