নিজৰ জীৱনৰ মূল্য কি?
এবাৰ এটা লৰাই নিজৰ দেউতাকক প্ৰশ্ন কৰিলে। দেউতা মোৰ জীৱনৰ মূল্য কি? তেতিয়া তাৰ দেউতাকে কলে যদি তই সঁচাকৈ নিজৰ জীৱনৰ মূল্য জানিব বিচাৰ তেতিয়াহলে মই তোক এটা পাথৰ দিচু এইটো লৈ তই বজাৰলৈ জা আৰু কোনোবাই যদি ইয়াৰ মূল্য জানিব বিচাৰে তেতিয়া তই একো নকবি মাত্র তই দুটা আঙ্গুলিৰে ইঙ্গিত দেখুৱাবি। সি দেউতাকৰ কথামতে বজাৰলৈ গল আৰু এনেকৈ কিছু সময় বহি পাৰ কৰিলে। এনেতে এজনি বুঢ়ী মানুহ তাৰ ওচৰলৈ আহিলে আৰু পাঠৰটোৰ দাম সুধিলে। সি বাপেকৰ কথামতে একো মুখেৰে নামাতি দুটা আঙ্গুলি দেখুৱালে। তেতিয়া বুঢ়ীজনীয়ে কলে ২০০ টকা নিকি? ঠীক আছে এইটো মই তোমাৰ পৰা কিনি লম। তেতিয়া লৰাটো বহুত আচৰিত হল ,কি এটা সাধাৰণ পাঠৰৰ দাম ২০০ টকা? সি তৎখনাত পাঠৰটো লৈ বাপেকৰ ওচৰলৈ গল আৰু কলে দেউতা মোক বুঢ়ী মানুহ এজনীয়ে পাঠৰৰ বাবত ২০০ টকা দিবলৈ সাজু আছিল। তাৰ কথা শুনি এইবাৰ তাক পাঠৰটো সংগ্রহসাললৈ লৈ জাবলৈ কলে আৰু সি বাপেকৰ কথামতে সংগ্রহসাললৈ গল। এইবাৰো তাক আগৰদৰে কোনোবাই দাম সুধিলে নকবলৈ কলে আৰু দুটা আঙ্গুলি দেখুৱাবলে কলে। এনেতে এজন মানুহৰ চকু তাৰ হাতত থকা পাঠৰটোৰ ওপৰত পৰিল আৰু পাঠৰটোৰ দাম সুধিলে তেতীয়া লৰাটোৱে দুটা আঙ্গুলি দেখুৱালে। লৰাটোৱে তেনেকৈ দুটা আঙ্গুলি দেখুৱাত মানুহজনে কলে কিমান ২০ হাজাৰ টকা, ঠীক আছে মই তোমাক ২০ হাজাৰ টকা দিবলৈ সাজু আছো। মানুহজনৰ কঠা শুনি লৰাটো এইবাৰ বহুত বেছি আচৰিত হল । সি দেৰি নকৰি তৎখনাত বাপেকৰ ওচৰত উপস্থিত হল আৰু বাপেকক কলে দেউতা সংগ্রহসালৈত মানুহ এজনে পাঠৰটোৰ বিনিময়ত ২০ হাজাৰ দিবলৈ সাজু আছিল। তাৰ কথা শুনি বাপেকে এইবাৰ তাক অন্তিমবাৰৰ কাৰনে পাঠৰটো কিনা-বেচা কৰা দোকানলৈ লৈ যাবলৈ কলে আৰু দাম সুধিলে পূৰ্বে দেখুৱাৰ দৰে দেখুৱাবলৈ কলে। সি বাপেকৰ কথামতে দুকানৈলৈ গল আৰু গৈ সি দোকান এখনৰ ওচৰত থিয় হল তেনেতে দোকানীজনৰ চকু লৰাটোৰ হাতত থকা পাঠৰটোৰ ওপৰত পৰিল আৰু তৎক্ষণাৎ হাতৰ পৰা পাঠৰটো কাঢ়ি ললে আৰু কলে হে ভগৱান কিমান দিনৰ পৰা মই এই পাঠৰটো বিচাৰি আছিলো তুমি এইটো কত পালা, কোৱা তোমাক এই পাঠৰটো বিনিময়ত কিমান পইচা লাগিব। সি মানুহজনলৈ চাই দুটা আঙ্গুলি দেখুৱালে। তেতিয়া মানুহজনে সুধিলে কিমান ২ লাখ টকা? ঠিক আছে মই ২ লাখ টকা দিবলৈ সাজু আছো। মানুহজনে তেনেকৈ কোৱাত সি বিশ্বাস কৰিব পৰা নাছিল । সি তৎখনাত বাপেকৰ ওচৰলৈ আহিলে আৰু দোকানীজনৰ কথা কলে যে মানুহজনে তাক ২ লাখ টকা দিবলৈ সাজু আছে। তেতিয়া তাৰ বাপেকে কলে এতিয়া বুজি পালি তোৰ জীৱনৰ মূল্য কি? নিজৰ জীৱনৰ মূল্য এইটো কথাৰ ওপৰত নিৰ্ভৰ কৰে যে নিজক কোনটো ষ্হানত ৰাখিব বিচাৰ ২০০ টকীয়া পাঠৰৰ ষ্হানত নে ২ লাখ টকীয়া পাঠৰৰ ষ্হানত। জীৱনত এনেকোৱা কিছুমান মানুহ আছে যি নেকি তোক বহুত বেছি ভাল পায় সি তোৰ কাৰনে সকলো হব পাৰে আৰু কিছুমান এনেকোৱা মানুহ আছে যি নেকি তোক বস্তুু হিচাপেহে ব্যবহাৰ কৰিব সিহতৰ চকুত তোৰ একো মূল্য নাই। সেয়েহে নিজৰ ওপৰত নিৰ্ভৰ কৰে যে নিজৰ জীৱনৰ মূল্য কিমান?
No comments:
Post a Comment