Monday, May 8, 2023

সচা ভালপোৱা কাহিনী

 ৰুমি আৰু ৰাজুৰ সচা ভালপোৱা কাহিনী 



ৰাজু আৰু ৰুমি কলেজ লাইফৰ পৰাই সিহত দুয়োয়ে ইজনে সিজনক বহুত ভাল পায়, ইজনে সিজনৰ পৰা আতৰি এক মূহুর্তও পাৰ কৰিব পৰা নাছিল। সিহঁতৰ সম্বন্ধতো এদিন দুদিনকে ৭ টা বছৰ পাৰ হল। লাহে লাহে সিহঁতৰ বিয়া হোৱাৰ উপযুক্ত সময় হৈ আহিল কিন্তু ৰাজুৱে এতিয়াও কোনো উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে মাজে সময়ে ৰুমিয়ে এই কথাটোক লৈ চিন্তিত হৈ উঠে আৰু আনফালে ৰাজুৱে একো চিন্তা নকৰাকৈ দিনটোৰ বেচিভাগ সময় তাইৰ লগত কথা পাতি নষ্ট কৰে। ৰুমিয়ে ৰাজুক নিজতকৈয়ো বহুত বেছি ভাল পায় সেয়ে তাই তাক জীবনত কেতিয়াও হেৰুৱাব বিচৰা নাছিল। কিন্তু ৰাজুৱে একো উপাৰ্জন নকৰাকৈ সংসাৰ চলাব কেনেকৈ? সেয়ে তাই চিন্তা কৰিলে যে যিহেতু সি দিনটোৰ বেচিভাগ সময় তাইৰ লগত কথা পাতি পাৰ কৰে সেয়ে গতিকে সি একো কৰাৰ কথা চিন্তা কৰা নাই গতিকে মই যদি তাৰ পৰা আতৰি থাকো তেতিয়াহলে সি নিশ্চয় কিবা কৰাৰ কথা ভাবিব। তাৰ পিছত ৰুমিয়ে তাক কিবা কথা আছে বুলি কৈ লগ কৰিবলৈ কলে। ৰাজুৱে ৰুমিক লগ কৰিলে আৰু কি কথা আছে বুলি সোধাত, ৰুমিয়ে ৰাজুৰমুখখনলৈ চাই কবলৈ আৰম্ভ কৰিলে । ৰাজু তুমি আজি ৩০ বছৰ বেকাৰকে পাৰ কৰিলা  আৰু এতিয়াও তুমি একো এটা কৰাৰ কথা চিন্তা কৰা নাই গতিকে মোক বিয়া কৰাই ৰাখিবা কেনেকৈ, এনেকে  হলে মই তোমাৰ লগত বিয়া হব নোৱাৰিম, মোক তুমি আজিৰে পৰা পাহৰি যাবা, মোলৈ আৰু ভোলটো  ফোন নকৰিবা বাই। এই বুলি কৈ ৰুমিয়ে তাৰ ওচৰৰ পৰা আতৰি গল। ৰুমিয়ে তাক তেনেকৈ কলে যদিও নিজৰ মনতোক তাৰ পৰা আতৰাই ৰাখিব পৰা নাছিল কিন্তু কি কৰিব একো উপায়ে নাছিল এনেকোৱা নকৰিলে সি গোটেই জীৱনটো এনেকৈ থাকি যাব সেই গতিকেই তাই ধয্য ধৰি হলেও আতৰি থাকিল। আনফালে ৰাজুৱে,  ৰুমিয়ে কোৱা কথাবোৰ প্ৰথমে ধেমালি বুলি ভাবি আছিল কিন্তু বহুত দিন একো কথা বতৰা নোহোৱাত তাৰ মনত হন্দেহ হল, সি ভাৱিলে ৰুমিয়ে মনে মনে বেলেগক ভাল পোৱা নাইতো। সেয়ে সি মনে মনে ৰুমিয়ে গম নোপোৱাকৈ তাইক ফলৌ কৰাৰ আৰম্ভ কৰিলে। এদিন সি চহৰত বজাৰ কৰাৰ উদ্দেশ্যেৰে উলাই আহোতে হঠাৎ ৰুমিক কফি দোকানত দেখিলে আৰু তাইৰ লগত কোনোব লৰা এটাও দেখিলে। লৰাটো আছিল ৰুমিৰ বাল্যকালৰ এজন ভাল বন্ধু ,তাৰ নাম অনিল।বিদেশত চাকৰি কৰাৰ বাবে সি ঘৰলৈ বহুত বছৰৰ মূৰত আহে , দুই এদিন থাকি গুচি যায়। সেই গতিকেই অনিলৰ লগত ৰাজুৰ চিনা পৰিচয় নাছিল। ৰাজুৱে, ৰুমিক এনেকৈ অনিলৰ লগত বহি থকা দেখা পায় খঙত থাকিব নোৱাৰিলে আৰু লগালগ ৰুমিৰ ওচৰত উপস্থিত হল। ৰাজুৱে, ৰুমিৰ মুখলৈ চাই খঙেৰে কলে, এয়াই আছিল নিকি তোমাৰ ভালপোৱা, তুমি মোৰ লগত এনেকোৱা বিশ্বাসঘাতকতা কৰিব পাৰিবা বুলি মই কেতিয়াও ভৱা নাছিলো, এনেতে অনিলে কি হল বুলি সোধাত সি তাৰ ফালে চাই কলে তমি মুখেৰে মাত নামাতিবা মনে মনে থাকা। এইবুলি কৈ সিহতৰ ওচৰৰ পৰা সি আতৰি গল। অনিলে ৰুমিলৈ চাই প্ৰশ্ন কৰিলে এইবোৰ কি হৈছে ৰুমি, কোন হয় সি আৰু কিয় এনেকৈ কৈছে। তেতিয়া ৰুমিয়ে অনিলক সকলো কথা বিৱৰি কলে। ৰুমিৰ কথা শুনি অনিলে ৰাজুক সকলো কথা কব বিচাৰিছিল কিন্তু ৰুমিয়ে একো নকবলৈ অনুৰোধ কৰিলে আৰু কলে সি মোক তোমাৰ লগত এনেদৰে দেখি জ্বলিছে  ভালেই হৈছে সি এতিয়াহে যদি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ শিকে। এনেকৈ কিছু দিন পাৰ হল ৰাজুৱেও মনত জেদ কৰি লাহে লাহে ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হল। এদিন ৰাজুৱে বান্ধবী এজনীৰ লগত ৰাষ্টাত খোজ কাঢ়ি গৈ থাকোতে আতৰৰ  পৰা ৰুমিক দেখা পায় সি বান্ধবীজনীক তাৰ লগত ভালপোৱাৰ অভিনয় কৰিবলৈ কলে।এনেতে দুয়ো হাততধৰাধৰিকৈ   আহি ৰুমিৰ কাষ পালেহি। ৰাজুৱে ৰুমিক বাতত ৰখাই কলে, মোৰ ভোল হৈছিল তোমাৰ দৰে বদমাচ ছোৱালী এজনিক ভাল পায়। ৰুমিয়ে ৰাজুক সকলো কব বিচাৰিছিল যদিও কব নোৱাৰিলে কাৰন তাই ভাৱিলে এতিয়া জদি তাক এইবোৰ কথা কও তেতিয়াহলে সি ভাভিৱ যে তাৰ উন্নতি দেখিহে ভাল পাব বিচাৰিছে। সেই গতিকে মনে মনে থাকি একো নোকোৱাকৈ কান্দি কান্দি  আহি ঘৰ পালেহি। কি কৰিব কি নকৰিব একো উপায় নাপায় অনিললৈ ফোন লগালে আৰু সকলো কথা কলে। ৰুমিৰ দুষ দেখি অনিলে ৰাজুক সকলো কথা কব বিচাৰিছিল কিন্তু ৰুমিয়ে মানা কৰিলে আৰু কলে মই তাক বহুত ভাল পাও সেইসবাবেই মই তাক নিজৰ ভৰিত থিয় হোৱাতো বিচাৰিছিলো,মোৰ সপোন আজি পোৰা হল সি জীৱনত আৰু আগুৱাই যক  মই সদায় ভগৱানৰ ওচৰত পাৰ্থনা কৰিম এইবুলি কৈ তাই উচুপি উঠিল আৰু ফোনটো কাতি দিলে। বহুত দিন পাৰ হৈ গল এনেতে এদিন ৰাজুৱে অনিলক বেলেগ এজনী ছোৱালীৰ লগত দেখা পালে, ছোৱালী জনি আছিল অনিলৰ পত্নী। ৰাজুৱে দেৰি নকৰি অনিলৰ কাষ চাপিল আৰু সুধিলে এও কোন হয় তোমাৰ। তেতিয়া অনিলে কলে মোৰ পত্নী। তেতিয়াহলে ৰুমিৰ লগত তোমাৰ সম্পৰ্ক কি? তুমি ইমান দিনে ভুল বুজি আছিলা বন্ধু তাই আজিও তোমাকে ভাল পায় মাত্ৰ তুমি যাতে জীৱনত নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰা  সেইবাবে তোমাক দেখুওৱাই নাটক কৰি আছিল। অনিলৰ কথা শুনি ৰাজুৰ দোচকুৱেদি চকোলো বাগৰি আহিল। সি দেৰি নকৰি তৎখনাত গৈ ৰুমিৰ ওচৰ পালে গৈ। সি ৰুমিৰ কাষ পায় তাইৰ ওচৰত আঠু কাঢ়ি কলে, মই তোক বহুত ভাল পাও, মই তোক এৰি থাকিব নোৱাৰে, তই মোৰ ভালৰ কাৰনে ইমান দোষ কষ্ট কৰি আছিলি মই একো গমেই  পোৱা নাছিলো আৰ মই তোক খঙতে বহুত গালি পাৰিলো, মনত বহুত কষ্ট দিলো  তই মোক খমা কৰি দিবি, মোক আৰু কেতিয়াও এৰি থৈ নাযাবি। তেতিয়া ৰুমিয়ে তাক সাৱত  মাৰি ধৰি কলে নাজাও আৰু কেতিয়াও নেজাও সদায় তোৰ কাষতে থাকিম সদায় তোৰ হৈ থাকিম। অৱশেষত দুয়ো বিবাহ পাশত আৱদ্ধ হল আৰু আনন্দৰে ভৰপূৰ এটা জীৱন কতাবলৈ ধৰিলে। 

Sunday, May 7, 2023

জীৱনৰ অভিজ্ঞতা

কষ্ট কৰিলে অসম্ভবকো সম্ভব কৰিব পাৰি


জি কাহিনীতো মোৰ  এজন ওচৰ চুবুৰীয়া ভাইতীৰ ওপৰত। মোৰ এজন ভাইতীআছিল নাম তাৰ বিজিত চাহু । তেজৰ সম্বন্ধ নাছিল জদিও সম্বন্ধত সি মোৰ ভাইতীৰ নিচিনা। সি সৰুৰে পৰা বৰ সহজ সৰল স্বভাবৰ আছিল। সি মাক আৰু বাপেকৰ একমাত্র সন্তান আছিল। তাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বিশেষ ভাল নাছিল। বাপেকে দৰ্জি কাম কৰি কোনোমতে তাৰ পঢ়া শুনা আৰু ঘৰখন পৰিচালনা কৰিছিল। বছৰৰ পাছত বছৰ দিন পাৰ হৈ যোৱাৰ পাছত সি এদিন উচ্চতৰ মাধ্যমিকত ৬০ শতাংশ নম্বৰ লৈ প্ৰথম বিভাগত উতীৰ্ণ হল। যিহেতু তাৰ আৰ্থিক অৱস্থা ভাল নাছিল সেই পঢ়া শুনা ইমানতে সামৰিব লগা হল। পঢ়া শুনা শেষ কৰি সি চহৰত এটা ভাড়া ঘৰ লৈ পাচলি ব্যৱসায় আৰম্ভ কৰিলে। এনেকৈ কিছু দিন দুখে কষ্টই পাৰ হোৱাৰ পিছত ব্যৱসায় বাণিজ্য ভাল হবলৈ ধৰিলে আৰু পূর্বতকৈ কিছু সকাহ পালে। কিন্তু ইমানতো তাৰ বিপদ শেষ নহল কাৰন সি যত ব্যৱসায় কৰিছিল সেই ঘৰতো  তাৰ নিজা নাছিল ,সেইবাবে হথাৎ তাক এদিন ঘৰৰ মালিকে ঘৰটো খালি কৰি দিবলৈ অনুমতি দিলে কিন্তু কাৰন কি বুলি মালিকক সোধাত মালিকে নিজে  ব্যৱসায় আৰম্ভ কৰিব বুলি কলে। সি উপায় নাপায় ঘৰটো খালি কৰি দিলে। ইয়াৰ পিছত সি একো উপায় নাপায় চহৰৰ দোকান এখনত sales man হিচাবে সোমালে।মাহৰ মূৰত কাম কৰি সি 6000 টকা দৰমহা পায় আৰু সেয় পইচাই সি জোৰা মাৰিব নোৱাৰে তাক ঘৰখন পৰিচালনা কৰিবৰ বাবে এটা ভাল চাকৰি খুব প্ৰয়োজন আছিল কিন্তু আজিকালি নো হঠাৎ চাকৰি পায়নো কত। এবাৰ স্বাস্থ্য বিভাগত কিছু পদ মুকলি হৈছিল আৰু আমি দুয়ো তেতিয়া Interview maribo goisilu। ইয়াৰ পিছত Interview মাৰি আহি যেতিয়া পিছদিনা  কামলৈ  গল তেতিয়া তাক মালিকে বহুত থাট্টা মাৰিলে আৰু কলে  যদি আজিৰে পৰা চাকৰিৰ পিছত ঘূৰি থাক তেতিয়াহলে কামলৈ নাহিবি চাকৰিকে কৰিবি। কিন্তু ইয়াৰ পিছত আকৌ অসম পুলিশত পদ উলালে এই বাৰো সি মালিকৰ কথা নামানি Interview দিবলৈ গল। Interview pass কৰিব নোৱাৰিলে। এইবাৰ সি কি কৰিব তাক যিহেতু মালিকে এইবাৰ কামত নাৰাখে। সেয়েহে এইবাৰ সি প্ৰতিগ্যা কৰিল মই যিমান কষ্ট কৰি হলেও Defance ত চাকৰি লৈহে এৰিম।  সেইবাবে সি ঘৰত ২ বছৰ যেনে তেনে কষ্ট কৰি মাক বাপেকক পাৰ  কৰিবলৈ কলে। সেইদিন ধৰি দিনে ৰাতিয়ে অশেষ কষ্ট কৰি দৌৰ আৰাম্ভ কৰি দিলে। এনেকৈ কিছু দিন পাৰ হৈ যোৱাৰ পাছত B. S. F. বীভাগত পদ উলালে আৰু ইন্টাৰভিউ দিলে। অৱশেষত তাৰ কষ্টৰ অন্ত পৰিল সি B. S. F. বিভাগত চিলেকচন হল আৰু সি তাৰ কষ্ট কৰাৰ মিঠা ফল ভোগ কৰিলে। 


নীতী শিক্ষা:  মানুহৰ জীৱনত ভাল দিন আৰু বেয়া দিন আহিবই কিন্তু কেতিয়াও শতাশ হব নালাগে মাত্র ধয্য ধৰি উদেশ্যে আগত ৰাশি কষ্ট কৰি গলে ভাল ফল নিশ্চয় পোৱা যায়। 

জীৱনৰ মূল্য

নিজৰ জীৱনৰ মূল্য কি? 


এবাৰ এটা লৰাই নিজৰ দেউতাকক প্ৰশ্ন কৰিলে। দেউতা মোৰ জীৱনৰ মূল্য কি? তেতিয়া তাৰ দেউতাকে কলে যদি তই সঁচাকৈ নিজৰ জীৱনৰ মূল্য জানিব বিচাৰ তেতিয়াহলে মই তোক এটা পাথৰ দিচু  এইটো লৈ তই বজাৰলৈ জা আৰু কোনোবাই যদি ইয়াৰ মূল্য জানিব বিচাৰে তেতিয়া তই একো নকবি মাত্র তই দুটা আঙ্গুলিৰে  ইঙ্গিত দেখুৱাবি। সি দেউতাকৰ কথামতে বজাৰলৈ গল আৰু এনেকৈ কিছু সময় বহি পাৰ কৰিলে। এনেতে এজনি বুঢ়ী মানুহ তাৰ ওচৰলৈ আহিলে আৰু পাঠৰটোৰ দাম সুধিলে। সি বাপেকৰ কথামতে একো মুখেৰে নামাতি দুটা আঙ্গুলি দেখুৱালে। তেতিয়া বুঢ়ীজনীয়ে কলে ২০০ টকা নিকি? ঠীক আছে এইটো মই তোমাৰ পৰা কিনি লম।  তেতিয়া লৰাটো বহুত আচৰিত হল ,কি এটা সাধাৰণ পাঠৰৰ দাম ২০০ টকা? সি তৎখনাত পাঠৰটো লৈ বাপেকৰ ওচৰলৈ গল আৰু কলে দেউতা মোক বুঢ়ী মানুহ এজনীয়ে পাঠৰৰ বাবত ২০০ টকা দিবলৈ সাজু আছিল। তাৰ কথা শুনি এইবাৰ তাক পাঠৰটো সংগ্রহসাললৈ লৈ জাবলৈ কলে আৰু সি বাপেকৰ কথামতে সংগ্রহসাললৈ গল। এইবাৰো তাক আগৰদৰে কোনোবাই দাম সুধিলে নকবলৈ কলে আৰু দুটা আঙ্গুলি দেখুৱাবলে কলে। এনেতে এজন মানুহৰ চকু তাৰ হাতত থকা পাঠৰটোৰ ওপৰত পৰিল আৰু পাঠৰটোৰ দাম সুধিলে তেতীয়া লৰাটোৱে দুটা আঙ্গুলি দেখুৱালে। লৰাটোৱে তেনেকৈ দুটা আঙ্গুলি দেখুৱাত মানুহজনে কলে কিমান ২০ হাজাৰ টকা, ঠীক আছে মই তোমাক ২০ হাজাৰ টকা দিবলৈ সাজু আছো। মানুহজনৰ কঠা শুনি লৰাটো এইবাৰ বহুত বেছি আচৰিত হল । সি দেৰি নকৰি তৎখনাত বাপেকৰ ওচৰত উপস্থিত হল আৰু বাপেকক কলে দেউতা সংগ্রহসালৈত মানুহ এজনে পাঠৰটোৰ বিনিময়ত ২০ হাজাৰ  দিবলৈ সাজু আছিল।  তাৰ কথা শুনি বাপেকে এইবাৰ তাক অন্তিমবাৰৰ কাৰনে পাঠৰটো কিনা-বেচা কৰা দোকানলৈ লৈ যাবলৈ কলে আৰু দাম সুধিলে পূৰ্বে দেখুৱাৰ দৰে দেখুৱাবলৈ কলে।  সি বাপেকৰ কথামতে দুকানৈলৈ গল আৰু গৈ সি দোকান এখনৰ ওচৰত থিয় হল তেনেতে দোকানীজনৰ চকু  লৰাটোৰ হাতত থকা পাঠৰটোৰ ওপৰত পৰিল আৰু তৎক্ষণাৎ হাতৰ পৰা পাঠৰটো কাঢ়ি ললে আৰু কলে হে ভগৱান কিমান দিনৰ পৰা মই এই পাঠৰটো বিচাৰি আছিলো তুমি এইটো কত পালা, কোৱা তোমাক এই পাঠৰটো বিনিময়ত কিমান পইচা লাগিব। সি মানুহজনলৈ  চাই দুটা আঙ্গুলি দেখুৱালে। তেতিয়া মানুহজনে সুধিলে কিমান ২ লাখ টকা? ঠিক আছে মই ২ লাখ টকা দিবলৈ সাজু আছো।  মানুহজনে তেনেকৈ কোৱাত সি বিশ্বাস কৰিব পৰা নাছিল । সি তৎখনাত বাপেকৰ ওচৰলৈ আহিলে আৰু দোকানীজনৰ কথা কলে যে মানুহজনে তাক ২ লাখ টকা দিবলৈ সাজু আছে। তেতিয়া তাৰ বাপেকে কলে এতিয়া বুজি পালি তোৰ জীৱনৰ মূল্য কি? নিজৰ জীৱনৰ মূল্য এইটো কথাৰ ওপৰত নিৰ্ভৰ কৰে যে নিজক কোনটো ষ্হানত ৰাখিব বিচাৰ ২০০ টকীয়া পাঠৰৰ ষ্হানত নে ২ লাখ টকীয়া পাঠৰৰ ষ্হানত। জীৱনত এনেকোৱা কিছুমান মানুহ আছে যি নেকি তোক বহুত বেছি ভাল পায় সি তোৰ কাৰনে সকলো হব পাৰে আৰু কিছুমান এনেকোৱা মানুহ আছে যি নেকি তোক বস্তুু হিচাপেহে ব্যবহাৰ কৰিব সিহতৰ চকুত তোৰ একো মূল্য নাই। সেয়েহে নিজৰ ওপৰত নিৰ্ভৰ কৰে যে নিজৰ জীৱনৰ মূল্য কিমান? 



সচা ভালপোৱা কাহিনী

  ৰুমি আৰু ৰাজুৰ সচা ভালপোৱা কাহিনী  ৰাজু আৰু ৰুমি কলেজ লাইফৰ পৰাই সিহত দুয়োয়ে ইজনে সিজনক বহুত ভাল পায়, ইজনে সিজনৰ পৰা আতৰি এক মূহুর্তও প...